অভিনেতা ৰণদ্বীপ হুডা চিকিৎসাধীন, সম্পন্ন হ’ব জটিল অস্ত্ৰোপচাৰ

93

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰণদ্বীপ হুডা অসুস্থ। সূত্ৰৰ খবৰ অনুসৰি, অভিনেতাজনক মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জনপ্ৰিয় অভিনেতাজনক এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হ’ব বুলিও জানিব পৰা গৈছে। তেওঁক এগৰাকী ঘণিষ্ঠ বন্ধুৱে সংবাদ মাধ্যমক এই বিষয়ে জানিবলৈ দিয়ে।অৱশ্যে এই অস্ত্ৰোপচাৰ কি কাৰণে আৰু কেতিয়া সম্পন্ন হ’ব সেয়া জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, বুধবাৰে পুৱা ৰণদ্বীপ হুডাক মুম্বাইৰ এখন হাস্পতালৰ সন্মুখত গোলাপী ৰঙৰ টি-চাৰ্ট আৰু ক’লা কাৰ্গো পেণ্টত দেখিবলৈ পোৱা গৈছিল। খবৰ অনুসৰি, হাস্পতালত ভৰ্তি হোৱাৰ পূৰ্বে অভিনেতাজনো কোৰোনা টেষ্টো কৰোৱাইছিল।