‘মৃগয়া’, ‘সুৰক্ষা’ আৰু ‘ডিস্কো ডান্সাৰ’ৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটাৰ বাবে মনোনীত কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই বঁটাৰ বাবে অভিনেতাজনৰ নাম ঘোষণা কৰে। তেওঁ লিখিছে – মিথুন দাৰ সুন্দৰ চলচ্চিত্ৰ যাত্ৰাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে। দাদাচাহেব ফালকে বাছনি সমিতিয়ে ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰি গৌৰৱান্বিত। মন্ত্ৰী বৈষ্ণৱে কয় যে চক্ৰৱৰ্তীয়ে ৮ অক্টোবৰ, ২০২৪ তাৰিখে ৭০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা লাভ কৰিব। উল্লেখ্য যে ৭৪ বছৰীয়া চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত মৃনাল সেনৰ ছবি “মৃগয়া”ৰ জৰিয়তে চলচ্চিত্ৰত অভিনয়ৰ আৰম্ভণি কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
Latest article
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
শাওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...