অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ বিয়োগ

97

বলিউড অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ বুধবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অক্ষয় কুমাৰৰ মাতৃক শেহতীয়াকৈ আইচিইউত ভৰ্তি কৰা হৈছিল।

ইফালে পুৱা মাতৃৰ বিয়োগৰ কথা টুইটযোগে প্ৰকাশ কৰি শোকত ভাগি পৰে অক্ষয় কুমাৰ। টুইটাৰত তেওঁ লিখে- “তেওঁ মোৰ সৰ্বস্ব আছিল। আজি তেওঁক হেৰুৱাই মই অস্ত্বিত্বৰ অসহনীয় বেদনাত ভুগিছোঁ। তেওঁ যতে থাকে কুশলে থাকক।”

উল্লেখ্য যে, মাতৃৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে সোমবাৰে ইউকেত চিনেমাৰ ছুটিংত ব্যস্ত অক্ষয় কুমাৰে মুম্বাইলৈ উভতি আহিছিল। মঙ্গলবাৰে তেওঁ মাতৃক আইচিইউত ভৰ্তি কৰাৰ পিছত তেওঁৰ মাতৃৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা জনাবলৈ সকলোকে আহ্বান জনাইছিল।