অপ্রতিৰোধ্য–অপৰাজেয় ড০ হিমন্ত বিশ্ব শর্মা

117

বর্তমান সময়ত উত্তৰ–পূবৰ ৰাজনীতিৰ সর্বাধিক চর্চিত নামটোৱেই হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ অসমৰ ৰাজনীতিৰ একক, অনন্য আৰু অদ্বিতীয় চৰিত্র হৈছে ড০ শর্মা৷ অসমৰ এটা অন্যতম বিধানসভা সমষ্টি জালুকবাৰীৰ পৰা ধাৰাবাহিকভাৱে চাৰিবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হৈছে তেওঁ৷ শিক্ষা, স্বাস্থ্য, বিত্ত, অসম চুক্তি ৰূপায়ণ আদিৰ দৰে গুৰুত্বপূর্ণ বিভাগৰ মন্ত্রী হিচাপে যোৱা প্রায় ২০ বছৰ ধৰি অসমবাসী ৰাইজৰ বাবে সেৱা আগবঢ়াই ইতিমধ্যে ৰাজনৈতিক জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ উঠিছে শর্মা৷ জনপ্রতিনিধি হিচাপে শর্মাৰ ক্ষমতা আৰু দূৰদর্শিতা সর্বজনবিদিত, হয়তো সেইবাবেই দিল্লী–নাগপুৰে আজিও সমীহ কৰি চলে এইগৰাকী ৰাজনীতিবিদক৷ নিজৰ এটা মাত্র পদক্ষেপেৰে উত্তৰ–পূর্বাঞ্চলৰ ৰাজনৈতিক পট পৰিৱর্তন কৰি দিব পৰা এইগৰাকী সুদক্ষ নেতাৰ হাততেই আছে উত্তৰ–পূবৰ বিজেপিৰ মূল চাবিকাঠী৷ আনকি একালত কংগ্রেছেও শর্মাৰ কান্ধত উঠিয়েই কৰিছিল নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্রয়াস কিন্তু একমাত্র শর্মাৰ যোগ্যতাক বঞ্চিত কৰাৰ অভিযোগ আৰু তেওঁ অন্য এটা শিবিৰত অৱস্থান কৰিবলগীয়া হোৱাৰ বাবেই অসমৰ জনসাধাৰণে ২০১৬ চনৰ নির্বাচনত কংগ্রেছৰ শিপা কেনেকৈ পুলিয়ে–পোখাই উভালি পেলালে, সেয়া সমগ্র ভাৰতবাসীয়ে দেখিলে৷ ‘নর্থ ইষ্ট ডেম’ক্রেটিক এলায়েঞ্চ’ৰ আহ্বায়ক ড০ শর্মা হৈছে উত্তৰ–পূব বিজেপিৰ পিতামহস্বৰূপ৷

ড০ শর্মাই কেবিনেট মন্ত্রী, ষ্টাৰ কেম্পেইনাৰ কিম্বা অন্তর্দ্বন্দ্বৰ সময়ত মধ্যস্থতাকাৰী হিচাপে নিজৰ বিচক্ষণতা ইতিমধ্যে জনসাধাৰণৰ আগত প্রমাণ কৰি থৈছে৷ এইমছ, মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, বিশ্ববিদ্যালয়ৰে অসমৰ মানচিত্র সলনি কৰি দিয়া এইগৰাকী অভিজ্ঞ নেতাৰ নেতৃত্বত অসমে এতিয়া দেখিছে প্রগতিৰ সপোন৷ মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা শেষ কৰাৰ ক্ষেত্রত মধ্যস্থতাকাৰী হিচাপে ড০ শর্মাৰ ভূমিকা আছিল চমকপ্রদ৷ তদুপৰি এইবাৰ অসমৰ বহু টিকটবঞ্চিত প্রার্থীয়ে সৃষ্টি কৰা আভ্যন্তৰীণ বিদ্রোহো অতি কৌশলেৰে দমন কৰিলে শর্মাই৷ ড০ শর্মাৰ মাত্র এটা বুজনিৰ বাবেই যে শিলাদিত্য দেৱৰ দৰে অসন্তুষ্ট নেতাই দলৰ হকে যুঁজাৰ বাবে সাজু হৈছিল, সেয়া সর্বজনজ্ঞাত৷ নির্বাচনী প্রচাৰৰ সময়তো ড০ শর্মাৰ প্রতি ৰাইজৰ মৰম আৰু আকর্ষণ আশ্চর্যজনক৷ নিজৰ নেতাজনক এবাৰ নিজ চকুৰে প্রত্যক্ষ কৰা বা নিজ হাতে চুই চোৱাৰ হেঁপাহেৰে লক্ষাধিক লোকৰ সমাগম হয় ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিখন সভা–সমিতি, প্রতিটো ৰেলী কিম্বা ৰোড শ্ব’ত৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বাবে আকর্ষণৰ কেন্দ্রবিন্দু ড০ শর্মা৷ আনকি দৃষ্টিকটুভাৱে আজিৰ দিনটোত মুখ্যমন্ত্রীগৰাকীতক্ জনপ্রিয় নেতা হিচাপে পৰিগণিত হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ ক’ভিড–১৯ৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনত ড০ শর্মাই একক, বলিষ্ঠ–দূৰদর্শী নেতৃত্বৰে যিদৰে অসমক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিলে, সেয়াই প্রমাণ কৰে তেওঁৰ দক্ষতা৷ ইমান বিপদসংকুল সময়ত চীনৰ পৰা পি পি ই কীট ক্রয় কৰাৰে পৰা আৰম্ভ কৰি শিশুৰ বাবে পৃথক ক’ভিড হাস্পতাল নির্মাণকে আদি কৰি অভিলেখসংখ্যক কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি ড০ শর্মাই দেখুৱাই থৈ গ’ল প্রকৃত মানৱ সেৱা কি৷