অধিক বাস্তৱসন্মত উজ্জ্বলতা সম্পন্ন ছ’নিৰ নতুন ব্ৰাভিয়া X9000H চিৰিজৰ ফুল এৰে এলইডি টিভি মুকলি

146

ছ’নি ইণ্ডিয়াই আজি 4K এচডিআৰ ফুল এৰে এলইডি ডিচপ্লে যুক্ত ব্ৰাভিয়া X9000H টেলিভিচন চিৰিজ মুকলি কৰে৷ নতুন X9000H ফুল এৰে এলইডি ডিচপ্লে আৰু X-টেণ্ডাৰ্ড ডাইনামিক ৰেঞ্জে অধিক বাস্তৱিক কন্ট্ৰাষ্ট প্ৰদান কৰে যাৰ জৰিয়তে দৰ্শকে এক বাস্তৱসন্মত ছবি উপভোগ কৰিব পাৰে। ইয়াৰোপৰি ছ’নিৰ এই নতুন ছিৰিজত লাভ কৰিব পাৰিব গেমিঙৰ ৰোমাঞ্চকৰ অভিজ্ঞতা।

ছ’নিৰ এই নতুন প্ৰযুক্তিসম্পন্ন টিভি চিৰিজ
X9000H ছ’নিৰ সকলো ৰিটেইলাৰ ষ্ট’ৰসমুহত (ছ’নি চেন্টাৰ আৰু ছ’নি এক্সক্লুচিভ), www.ShopatSC.com পৰ্টেল, গৰিষ্ঠসংখ্যক ইলেকট্ৰনিক ষ্ট’ৰ আৰু বিশেষকৈ এমাজন ই-কমাৰ্চ পৰ্টেলত ২৫ আগষ্ট ২০২০ৰ পৰা উপলব্ধ৷