অধিক বাস্তৱসন্মত উজ্জ্বলতা সম্পন্ন ছ’নিৰ নতুন ব্ৰাভিয়া X9000H চিৰিজৰ ফুল এৰে এলইডি টিভি মুকলি

114

গুৱাহাটী:- ছ’নি ইণ্ডিয়াই আজি 4K এচডিআৰ ফুল এৰে এলইডি ডিচপ্লে যুক্ত ব্ৰাভিয়া X9000H টেলিভিচন চিৰিজ মুকলি কৰে৷ প্ৰতিটো দৃশ্য বিষদভাৱে চোৱাৰ বাবে X1™ 4K HDR পিকচাৰ প্ৰচেছৰৰ সৈতে ছ’নিৰ নতুন 4K HDR 9000H টিভি চিৰিজ ১৬৫ ছে.মি. (৬৫) আৰু ১৪০ ছে.মি. (৫৫) ত উপলব্ধ৷

নতুন X9000H ফুল এৰে এলইডি ডিচপ্লে আৰু X-টেণ্ডাৰ্ড ডাইনামিক ৰেঞ্জে অধিক বাস্তৱিক কন্ট্ৰাষ্ট প্ৰদান কৰে৷ ট্ৰাইলুমিন’চ ডিচপ্লেক শক্তি প্ৰদান কৰে 4K এচডিআৰ পিকচাৰ প্ৰচেছৰ X1™-এ। যিয়ে সাধাৰণ টেলিভিচনতকৈ অধিক ৰঙ পুনৰ উৎপন্ন কৰাৰ লগতে প্ৰতিটো ছবিৰ ডাটা বিশ্লেষণ আৰু প্ৰক্ৰিয়াকৰণৰ যোগেদি ৰঙবোৰ অধিক প্ৰাকৃতিক আৰু স্পষ্ট কৰি তোলে, যাতে ছবিবোৰ বাস্তৱৰ সৈতে মিলি যায়৷

X9000H-এ গেমিঙৰ বাবে এক অতি মসৃণ অভিজ্ঞতা আগবঢ়ায় আৰু গেম প্লে’ ছবি 4K পৰ্যন্ত ৰিজলিউচন ১২০এফপিএচ ত লগতে অতি কম ইনপুট লেগ ৭.২ মি.ছে. প্ৰদান কৰে৷ ‘ৰেডি ফ’ৰ প্লেষ্টেচন ৫’ টিভি মডেলবোৰে ব্ৰাভিয়া গেম ম’ডক জোৰ দিয়ে যিয়ে স্বয়ংক্ৰিয়ভাৱে PS5 কনচলত কম বিলম্বৰ সৈতে গেম খেলাত এক অনন্য অভিজ্ঞতা প্ৰদান কৰে।

ছ’নিৰ এই নতুন প্ৰযুক্তিসম্পন্ন টিভি চিৰিজ X9000H ছ’নিৰ সকলো ৰিটেইলাৰ ষ্ট’ৰসমুহত (ছ’নি চেন্টাৰ আৰু ছ’নি এক্সক্লুচিভ), www.ShopatSC.com পৰ্টেল, গৰিষ্ঠসংখ্যক ইলেকট্ৰনিক ষ্ট’ৰ আৰু বিশেষকৈ এমাজন ই-কমাৰ্চ পৰ্টেলত ২৫ আগষ্ট ২০২০ৰ পৰা উপলব্ধ৷
KD- 55X9000Hৰ মূল্য ১০৯,৯৯০ টকা। ২৫ আগষ্ট ২০২০ ৰ পৰা KD- 65X9000Hৰ মূল্য ১৫৯,৯৯০ টকা।