অধিক অৱনতি ঘটিছে দিল্লীত ধৰ্ষণৰ বলি হোৱা ১২ বছৰীয়া কিশোৰীগৰাকীৰ স্বাস্থ্যৰ!

103

ডিজিটেল ডেস্ক:- অধিক সংকতজনক হৈ পৰিছে দিল্লীৰ পশ্চিম বিহাৰত ধৰ্ষণৰ বলি হোৱা ১২ বছৰীয়া কিশোৰী গৰাকীৰ স্বাস্থ্য। দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা কিশোৰীগৰাকীক ভেন্টিলেচনত ৰখা হৈছে। চিকিৎসকে জানিবলৈ দিয়া মতে কিশোগৰাকীৰ ৰক্তক্ষয় বন্ধ হোৱা নাই!

উল্লেখ্য যে, যোৱা মঙলবাৰে পশ্চিম বিহাৰত নিজ ঘৰতে কিশোৰীগৰাকী বলাত্কাৰৰ বলি হৈছিল। সেই সময়ত কিশোৰীগৰাকীৰ পিতৃ-মাতৃ কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল।

নিৰ্যাতিতা কিশোৰীগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য অনুসৰি ঘৰত ডকাইতি কৰিবলৈ আহি অপৰাধীয়ে ১২ বছৰীয়া কিশোৰীগৰাকীৰ ওপৰত নিৰ্যাতন চলায়। তাৰ পিছত কিশোৰীগৰাকীৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰি অপৰাধীয়ে পলায়ন কৰে।

ইফালে গুৰুত্বৰভাৱে আহত কিশোৰীগৰাকীক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত এইমছলৈ স্থানান্তৰিত কৰা হয়। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে হাস্পতালত উপস্থিত হৈ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

ঘটনাৰ তদন্ত চলাই ইতিমধ্যে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে হত্যাৰ গোচৰকে ধৰি মুঠ ৪টা গোচৰ পূৰ্বেই ৰুজু হৈ আছে কৃষ্ণ নামৰ পাষণ্ডজনৰ বিৰুদ্ধে।