অইল ইণ্ডিয়া লিমিটেডে দুজন জ্যেষ্ঠ বিষয়াক নিলম্বন

106

ষ্টাফৰিপৰ্টাৰ, ১০ জুন : বাঘজানৰ তেলকূপত অগ্নিকাণ্ডৰ ঘটনাৰ মাজতে অইল ইণ্ডিয়া লিমিটেডে দুজন জ্যেষ্ঠ বিষয়াক বুধবাৰে নিলম্বন কৰিছে।নিলম্বিত বিষয়া দুজন হৈছে অইলৰ অ’ জি পি এছৰ মুখ্য অভিযন্তা বিদ্যুৎ পৱন দাস আৰু ড্ৰিলিং বিভাগৰ অধীক্ষক অভিযন্তা দেৱজিত দাস।নিলম্বিত বিষয়া দুগৰাকীলৈ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। ইতিমধ্যে বাঘজানৰ ঘটনা সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে।