ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ আৰু জনসংখ্যা আয়োগ গঠনৰ দাবীত মণিপুৰৰ ইম্ফলত ব্যাপক প্ৰতিবাদ।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ লগতে ৰাজভৱনলৈও পদযাত্ৰা কৰাৰ পিছতে আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় ল’বলগীয়া হয়।
পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ অস্বাভাৱিক উত্থান, গাঁৱৰ ভেঁকুৰ, পপি খেতি, সংৰক্ষিত বনাঞ্চল বেদখল আদিক লৈ ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰিছে।
ছাত্ৰ সংগঠনসমূহৰ মতে, দেশৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা বহিঃৰাজ্যৰ আগমনৰ ফলত মণিপুৰৰ পৰিচয়, সংস্কৃতি, অৰ্থনীতি, প্ৰশাসন আৰু পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে।
বিশেষকৈ ম্যানমাৰ, নেপাল, বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা, মচি পেলোৱা, বিতাড়নৰ ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে। মণিপুৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিবলৈও ৰাজ্য চৰকাৰক আহ্বান জনাইছে ছাত্ৰ সংগঠনসমূহে।
ছাত্ৰ সংগঠনসমূহৰ এগৰাকী মুখপাত্ৰই কয় যে আমি কোনো সম্প্ৰদায় বা ধৰ্মৰ বিৰোধী নহয়, কিন্তু আমি আমাৰ ভূমি, পৰিৱেশ, আৰু খিলঞ্জীয়া সম্প্ৰদায়ক অবৈধ বসতিৰ বিৰূপ প্ৰভাৱৰ পৰা ৰক্ষা কৰিব বিচাৰো। উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সংৰক্ষিত বনাঞ্চলৰ বসতিস্থলসমূহ উচ্ছেদ আৰু আঁতৰাবলৈ আমি কৰ্তৃপক্ষক আহ্বান জনাইছো।’
মণিপুৰ ভূমি ৰাজহ আৰু ভূমি সংস্কাৰ আইন প্ৰযোজ্য হৈ থকা পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে বুলিও ছাত্ৰ সংগঠনসমূহে আলোকপাত কৰিছে। বহিঃৰাজ্যৰ লোকক ফিল্টাৰ কৰিবলৈ জনসংখ্যা আয়োগ গঠন আৰু এন আৰ চি ৰূপায়ণৰ আহ্বান জনাইছে।