ৰাজ্যত পুনৰ ১৬৬৫জন কোৰোনাত আক্ৰান্ত, ৫জনৰ মৃত্যু

76
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ৰাজ্যত ক্ৰমাৎ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। বুধবাৰে ৰাজ্যত পুনৰ ১৬৬৫ জন কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটে ৫ জন লোকৰ।

ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি যোৱা ২৪ ঘণ্টাত কামৰূপ মহানগৰত ৬৭৪, কামৰূপ গ্ৰাম্যত ১২৫ জন, নগাঁৱত ৭৪ জন আৰু ডিব্ৰুগড়ত ৬৭ জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে। ইফালে ৰাজ্যত এতিয়ালৈকে মুঠ সংক্ৰমিত ৰোগীৰ সংখ্যা হৈছেগৈ ২২,৯১৩৮ জন। বৰ্তমান ৯০৪৮ জন চিকিৎসাধীন হৈ আছে।