ৰাজ্যত নতুন শিক্ষানীতি: কলেজসমূহৰ পৰা আঁতৰোৱা হব উচ্চতৰ মাধ্যমিক শ্রেণী

222

গুৱাহাটী:- অসমত আৰম্ভ হৈছে নতুন শিক্ষানীতি ৰূপায়ন প্ৰক্ৰিয়া। সদনত এই কথা সদৰী কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি নতুন শিক্ষানীতিৰ অধীনত কলেজসমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণী পর্যায়ক্রমে আঁতৰোৱা হ’ব।

ইয়াৰ বিপৰীতে হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব বুলি কয় ডাঃ পেগুৱে। ইফালে নতুন শিক্ষানীতিৰ আধাৰত প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ সময়ত শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৭ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতহে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব৷ ইতিমধ্যে অসমত নতুন শিক্ষানীতি ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ডাঃ ৰনোজ পেগুৱে।