ৰাজীৱ গান্ধীৰ নামেৰে নহয়, এতিয়াৰে পৰা হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দৰ নামেৰে জনা যাব খেলৰত্ন বঁটাক

98

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দৰ নামেৰে পৰিচিত হ’ব খেলৰত্ন বঁটা। শুকুৰবাৰে এই ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্য যে, পূৰ্বে খেলৰত্ন বঁটাৰ সৈতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জড়িত হৈ আছিল।

ক্ৰীড়াত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হোৱা খেলৰত্ন বঁটা এগৰাকী খেলুৱৈৰ বিপৰীতে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামেৰে পৰিচিত হোৱাক লৈ দীৰ্ঘদিন ধৰি বিভিন্নজনে ইয়াৰ প্ৰতিবাদ কৰি অহা দেখা গৈছিল। শেহতীয়াকৈ খেলৰত্ন বঁটাৰ নাম সলনি কৰাৰ দাবীকে সৰোগত কৰি হকীৰ যাদুকৰ খ্যাত মেজৰ ধ্যানচন্দৰ নামত এই বঁটা সমৰ্পণৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘দেশক গৌৰৱান্বিত কৰা সময়ৰ মাজতে বহু জনসাধাৰণৰ দাবী পোহৰলৈ আহিছিল যে খেলৰত্ন পুৰস্কাৰৰ নাম মেজৰ ধ্যানচান্দৰ নামত সমৰ্পণ কৰা হওক। জনতাৰ ভাৱনালৈ লক্ষ্য ৰাখি ইয়াৰ নাম এতিয়া মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰস্কাৰ কৰা হৈছে। জয় হিন্দ!’

উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে টকিঅ’ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শেনেৰ জাৰ্মানীক পৰাজিত কৰি ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় হকী দলে। এয়া এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।