ৰাঙলুৰ কাৰ্বি মিছন স্কুলত ভয়ংকৰ অগ্নিকাণ্ড

87

নগাঁও জিলাৰ ৰাঙলুৰ কাৰ্বি মিছন স্কুলত সোমবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় বিদ্যালয়খনৰ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি। জানিব পৰা মতে, শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত এই অগ্নিকাণ্ডই নিমিষতে বিদ্যালয়খন বেঢ়ি ধৰে। যাৰ ফলত বিদ্যালয়খনৰ ৰান্ধনী গৃহ আৰু প্ৰাৰ্থনা গৃহটোও সম্পূৰ্ণৰূপে জাহ যায়।

ইফালে জুই নিৰ্বাপনৰ বাবে অগ্নিনিৰ্বাপন বাহিনীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষই নিজেই পানী মাৰি জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায়। অৱশ্যে পিছত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰে। আনহাতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা বিদ্যালয়খনৰ গাতে লাগি থকা হোষ্টেলটো কথমপি ৰক্ষা পৰে।