ৰাইজৰ দলৰ বজালী আহ্বায়ক সমিতি গঠন

62

বজালীঃ বজালীত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয় দেওবাৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা মাধৱ দাসৰ সভাপতিত্বত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হয় বজালীত৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বজালী জিলাৰ আহ্বায়ক সমিতি গঠন কৰা হয়৷

সভাত উপস্থিত থকা কৃষক মুক্তিৰ নেতাই বিজেপি চৰকাৰক তীব্র সমালোচনা কৰি মন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ কোনো ভ্যেলু নাই বুলি কয়। ৰাইজৰ দলৰ নেতা হুছেইন মহম্মদ ছাহজাহানে কয় কংগ্ৰেছ মিত্ৰজোঁট আৰু বিজেপি মিত্ৰঁজোটক প্ৰতিহিত কৰাই আমাৰ প্ৰধান লক্ষ্য৷

অসমৰ বিকল্প ৰাজনৈতিক দল ‘ৰাইজৰ দলে’ সকলো জাতি, জনজাতিৰ স্বাৰ্থ সুৰক্ষাত গুৰুত্ব প্ৰদান কৰিব৷ মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ জয় যাত্ৰা দেখি হতাশাত ভুগি অপ প্ৰচাৰত লাগিছে বুলি অভিযোগ উত্থাপন কৰে হুছেইন মহম্মদ ছাহজাহানে৷ সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুল জামান, আশ্ৰাফুল ইছলাম, জিতুল ডেকা উপস্থিত থাকে৷