৭ বছৰীয়া ভতিজীক নৃশংসভাৱে হত্যা কৰা অভিযুক্তৰ আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা, আহত

292

উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে নিজৰ ৭ বছৰীয়া ভতিজীক যৌন নিৰ্যাতন চলাই পিছত ডিঙি চেপি নৃশংসভাৱে হত্যা কৰে এজন ২৭ বছৰীয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ মতে, শনিবাৰে এই কাণ্ডৰ সন্দৰ্ভত এক তথ্য লাভ কৰাৰ পিছত উপযুক্ত ধাৰাত এফআইআৰ ৰুজু কৰি ইমৰান নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে গ্ৰেপ্তাৰৰ পিছত স্বাস্থ্য পৰীক্ষা কৰাই অভিযুক্তক থানালৈ নি থকা সময়তে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে প্ৰত্যুত্তৰত চলোৱা গুলীত ভৰিত গুলীবিদ্ধ হয় অভিযুক্ত ইমৰান।

আহত অভিযুক্তজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰাৰম্ভিক আইনী ব্যৱস্থা চলি আছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।