২৩ বছৰ পিছত গুজৰাটত আজি বলিব প্ৰচণ্ড ধুমুহা…

92

কোৰোনাৰ আতংকৰ মাজতে ৭ ৰাজ্যত এতিয়া আতংকৰ সৃষ্টি কৰিছে আৰৱ সাগৰীয় ধুমুহা তাউতেয়ে। কৰ্ণাটক, মহাৰাষ্ট্ৰৰ পিছত আজি বিয়লিৰ ভাগত গুজৰাট স্পৰ্শ কৰিব এই সাগৰীয় ধুমুহাই। ধুমুহাৰ ফলত গুজৰাটৰ পূব প্ৰান্তীয় এলেকাসমূহত সৃষ্টি হব আতংকময় পৰিৱেশৰ। প্ৰৱল বৃষ্টিপাতে সৃষ্টি কৰিব বানৰ। মাটি আৰু টিনৰ ঘৰ সমূহৰ লগতে তাউতেয়ে পকী ঘৰ সমূহৰো ক্ষতি কৰিব। প্ৰকাণ্ড গছ, বিদ্যুতৰ খুঁটা বাগৰি পৰি ব্যাহত হৈ পৰিব যাতায়ত ব্যৱস্থা। কোভিড পৰিস্থিতিৰ মাজতে গুজৰাটৰ ডেৰ লক্ষাধিক লোকে আজি তাউতেৰ প্ৰকোপ সহিব লাগিব। ইতিমধ্যে এনে সতৰ্কবানী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। আশংকা কৰা মতে, বিয়লি প্ৰায় ৩ বজাত গুজৰাটৰ পৰবন্দৰ উপকূলত তাউতে ধুমুহাই খুন্দা মাৰিব। তাৰ পিছত ৩ বজাৰ পৰা ৬ বজাৰ ভিতৰত ১৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে পোৰবন্দৰ আৰু মহুৱাৰ মাজেৰে পাৰ হৈ যাব এই ধুমুহা।

উল্লেখ্য যে, ২৩ বছৰৰ পিছত গুজৰাটত এনে এক ভয়ানক ধুমুহাৰ আশংকা কৰিছে বতৰ বিজ্ঞানী সকলে। ইয়াৰ পূৰ্বে ১৯৯৮ চনৰ ৯ জুনত কচ্ছ জিলাৰ কাণ্ডলাত বলা প্ৰচণ্ড ধুমুহাই প্ৰাণ লৈছিল ১১৭৩ জনকৈ লোকৰ। সেই ধুমুহাৰ তাণ্ডৱত সন্ধানহীন হৈ পৰিছিল ১৭৭৪ জন লোক।

এইবাৰ তাতকৈও ভয়ানক পৰিস্থিতি তাউতেয়ে সৃষ্টি কৰিব পাৰে বুলি সকিয়নী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে গুজৰাটৰ ৬৫ খন গাঁৱৰ ডেৰ লাখতকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। তাউ তে সাগৰীয় ধুমুহাই কৰা ক্ষতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যখনত ৫০টাকৈ এনডিআৰএফ বাহিনীৰ টীম যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে।

উল্লেখ্য যে, গুজৰাটত উপস্থিত হোৱাৰ পূৰ্বে এই ধুমুহাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ৫ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। মুম্বাইত তাউতেৰ প্ৰকোপৰ বাবে কোৰোনাৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।