১৮ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

237

অহা ১৮ ছেপ্টেম্বৰত ঘোষণা কৰা হব অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।বৃহস্পতিবাৰে প্ৰকাশিত এক চৰকাৰী জাননীত এই কথা সদৰী কৰা হৈছে। ১৮ ছেপ্টেম্বৰত মুঠ ২২ টা বিভাগৰ ১১,৬৬২ টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

ইফালে, ২২ ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া নিযুক্তিপত্ৰ বিতৰণ সভাত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিমন্ত্ৰণ জনোৱা হব বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্গা পূজাৰ প্ৰাকক্ষণত আৰু পূজাৰ পিছতেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ২১ আৰু ২৮ আগষ্টৰ লগতে ১১ ছেপ্টেম্বৰত অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰিব নোৱাৰা প্ৰাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।