স্মাৰ্টফ’ন ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰঃ বৃদ্ধি পাব ইণ্টাৰনেট ডাটা প্লেনৰ মূল্য

80

ডিজিটেল ডেস্কঃ কম মূল্যতে গ্ৰাহকক ইণ্টাৰনেট সেৱা প্ৰদান কৰি আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ উপক্ৰম ঘটিছে ভাৰতৰ টেলিকম কোম্পানী সমূহৰ। সেয়ে অচিৰেই বৃদ্ধি কৰা হ’ব ইণ্টাৰনেট ডাটা প্লেনৰ মূল্য। মঙলবাৰে এই কথা সদৰী কৰিছে ভাৰতী এয়াৰটেলৰ চেয়াৰমেন সুনীল ভাৰতী মিট্টলে।

নতুন দিল্লীৰ এক অনুষ্ঠানত অংশ লৈ মিট্টলে কয় যে, বৰ্তমান যি মূল্যৰ বিনিময়ত ভাৰতীয় গ্ৰাহকক ইণ্টাৰনেট সেৱা প্ৰদান কৰি থকা হৈছে, সেয়া হ’লে আগন্তুক কিছু দিনৰ ভিতৰতে টেলিকম সংস্থাসমূহে মুখ থেকেছা খাব লাগিব। গতিকে সময় থাকোতেই ইণ্টাৰনেট সেৱাৰ মূল্য বৃদ্ধি কৰাৰ চিন্তা কৰা হৈছে। উল্লেখ্য যে, বৰ্তমান সময়ত ভাৰতত প্ৰতি মাহে ১৬ জিবি ডাটা ব্যৱহাৰৰ বাবদ গড় হিচাপত ১৬০ টকা ব্যয় কৰিবলগা হয় গ্ৰাহকে।

সুনীল মিট্টলে কয় যে আগন্তুক কিছু দিনৰ ভিতৰত ১৬০ টকা খৰছ কৰি গ্ৰাহকে মাত্ৰ প্ৰতি মাহে ১.৬ জিবি ডাটাহে ব্যৱহাৰ কৰিব পাৰিব, অন্যথা বেছি মূল্য ব্যয় কৰাৰ বাবে সাজু হ’ব লাগিব। তেওঁ কয়, ‘আমেৰিকা বা ইউৰোপৰ দৰে ডাটা ব্যৱহাৰৰ বাবে আমি ৫০-৬০ ডলাৰ নিবিচাৰো। কিন্তু মাত্ৰ ২ মাৰ্কিন ডলাৰৰ বিনিময়ত প্ৰতিমাহে গ্ৰাহকক ১৬ জিবি ডাটা প্ৰদান কৰি থাকিলে টেলিক’ম সংস্থাসমূহে অচিৰেই তীব্ৰ লোকচানৰ সন্মুখীন যে হ’ব লাগিব সেয়া ধুৰূপ।’