ষ্টাফ ৰিপোৰ্টাৰ, ২৪ এপ্ৰিলঃ সাম্প্ৰতিক পৰিস্থিতিত পশুপালক সকলৰ সমস্যা সম্পৰ্কত আজি কামৰূপ জিলাৰ সোণাপুৰত উপস্থিত হৈ অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কেইবাজনো পশুপালকৰ লগত মত বিনিময় কৰে। লক ডাউনৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পশুপালক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ পোৱাৰ পাছত পুৱাই গৈ সোণাপুৰ পশু চিকিৎসালয়ত উপস্থিত হৈ পশু চিকিৎসা বিষয়া, চিকিৎসক আদিৰ লগত এক পয্যালোচনা সভাত মিলিত হয় আৰু পশুৰ প্ৰতিষেধক, ঔষধ আৰু পশুখাদ্য আদিৰ সন্দৰ্ভত দীঘলীয়া আলোচনা কৰে। অধ্যক্ষ গৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ কেইবাজনো প্ৰগতিশীল পশুপালকৰ লগতো পৃথকে পৃথকে আলোচনা কৰে আৰু পশুপালক সকলে সন্মুখীন হোৱা সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ভাৱে বিষয়াসকলক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। অধ্যক্ষ শইকীয়াই পিছত কেইবাখনো ছাগলী, গাহৰি, হাঁহ-কুকুৰা আৰু দুগ্ধ পাম পৰিৰ্দশণ কৰে আৰু চিকিৎসকসকলক পশুপালক সকলৰ লগত সঘন যোগাযোগ ৰক্ষা কৰিবলৈ কয়। অধ্যক্ষ গৰাকীৰ লগতে বিভাগৰ উপ-সঞ্চালক, জিলা পশুপালন বিষয়া, নিগমৰ পশু চিকিৎসা বিষয়া আৰু কেইবাগৰাকীও পশু চিকিৎসক উপস্থিত থাকে। অধ্যক্ষ গৰাকীৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰে।
Latest article
১৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবি
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)য়ে দেওবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত জয়ৰ পথলৈ উভতি আহিবলৈ চেষ্টাৰে অবতীৰ্ণ হোৱাত প্ৰাৰম্ভিক...
২০৩১ৰ এছিয়ান কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে কয় যে তেওঁলোকে শীৰ্ষ স্তৰৰ ফুটবল প্ৰতিযোগিতা এএফচি এছিয়ান কাপ ২০৩১ আয়োজন কৰিবলৈ আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।সাতখন দেশৰ...
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...