শ্ৰীৰামপুৰত কোটি টকা মূল্যৰ গাঞ্জাসহ দুজনক আটক

116

অসম আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা। শ্ৰীৰামপুৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই ৬১টা পেকেটত ভৰাই অনা ৬২২ কেজি ওজনৰ গাঞ্জাসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। ইফালে জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ২৫ লাখ হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

জানিব পৰা মতে, কণ্টেইনাৰ ট্ৰাকৰ গোপন কেবিনত ভৰাই গুৱাহাটীৰ পৰা কলকতালৈ গাঞ্জাখিনি সৰবৰাহ কৰাৰ সময়তে পুৱা শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে। ইফালে আৰক্ষীৰ অভিযানৰ খবৰ পাই ট্ৰাকখনৰ চালকজনে পলায়ন কৰিবলৈ সক্ষম হ’লেও, আৰক্ষীয়ে ট্ৰাকখনৰ দুজন হেণ্ডিমেনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ধৃত ট্ৰাক হেণ্ডিমেন দুজনৰ পৰিচয় কলকাতাৰ প্ৰীতম সিংহ আৰু তাপস অধিকাৰী জানিবলৈ দিয়ে আৰক্ষীয়ে।