শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ৰনিল উইক্ৰামাসিংহ

120

শ্ৰীলংকাৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে দেশখনৰ নতুন ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ’ল ৰনিল উইক্ৰামাসিংহ।

পূৰ্বৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষাই পদত্যাগ কৰাৰ পিছৰে পৰা তেওঁ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল।

বুধবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে ৰনিলে।

শ্ৰীলংকাৰ দুৰ্যোগৰ বাবেও তেওঁক দোষাৰোপ কৰে ৰাইজে।

কিন্তু সকলো বিৰোধীক চেৰ পেলাই ৰাষ্ট্ৰপতিৰ আসনত বহিবলৈ গৈ আছে দ্বীপ ৰাষ্ট্ৰখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।