শুৱালকুছিত ৰখাই থোৱা বাহনত দুৰ্বৃত্তৰ অগ্নিসংযোগ

83

কামৰূপ জিলাৰ শুৱালকুছিত বৃহস্পতিবাৰে পুৱতিনিশা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এখন মাৰুতি এক্স-ক্ৰছ বাহন। জানিব পৰা মতে, শুৱালকুছিৰ মাটিপৰ্বত অঞ্চলত ৰখাই থোৱা আছিল এএছ০১ বিভি৭৭২২ নম্বৰৰ মাৰুতিখন। কিন্তু পুৱা স্থানীয় ৰাইজে বাহনখন দাউ দাউকৈ জ্বলি থকা প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও তেতিয়ালৈকে বাহনখনৰ অধিকাংশ ভস্মীভূত হৈ পৰিছিল। ঘটনা সন্দৰ্ভত বাহনখনৰ গৰাকী শান্তনু কলিতাই স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি পুৱতি নিশা ২.৩০-৩.০০ বজাৰ ভিতৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছিল বাহনখনত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও এনে দুস্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।