শুকুৰবাৰে অসমলৈ আহিব পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড়

105

পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ বলি হৈ অসমত আশ্ৰয় লৈ থকা লোক সকলৰ বুজ লবলৈ শুকুৰবাৰে অসমলৈ আহিব পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখড়। ৯.৪৫বজাত হেলিকপ্টাৰেৰে আহি ৰণপাগলিস্থিত বি এছ এফ কলনিত অৱতৰণ কৰিব ৰাজ্যপালগৰাকীয়ে। তাৰ পিছতে তেওঁ ৰণপাগলি আৰু শ্ৰীৰামপুৰ শিবিৰ পৰিদৰ্শন কৰিব।

আজিৰ দিনটোত ৰাজ্যপালগৰাকীয়ে পশ্চিম বংগত হিংসা প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে। ৰাজ্যপালগৰাকীয়ে বংগৰ কুচবিহাৰৰ মথাভাঙ্গা, চিতাকুচি, চিকাই, সীতাই আৰু দিনহাটাৰ স্থানসমূহ পৰিদৰ্শন কৰিব আৰু ভুক্তভোগী সকলৰ সৈতে মত বিনিময় কৰিব।

উল্লেখ্য যে, অসমত ভুক্তভোগী সকলৰ সৈতে মত বিনিময় কৰি বিয়লি ভাগত পুনৰ বংগলৈ উভতিব ৰাজ্যপালগৰাকী।