শিৱসাগৰত উৰিল আলফাৰ পতাকা…

309

দেশৰ ৭৫তম স্বাধীনতা দিৱসত শিৱসাগৰত দেখা গ’ল আলফা স্বাধীনৰ পতাকা। ডিমৌৰ চুকাফা নগৰৰ এখন দোকানত উৰি থকা দেখা যায় আলফা স্বাধীনৰ উদিত সূৰ্য সম্বলিত পতাকাখন।

পিছত আৰক্ষীয়ে প্ৰত্যক্ষ কৰি নমাই আনিলে পতাকা খন। উল্লেখ্য যে আজিৰ দিনটোত আলফা স্বাধীনে সৰ্বাত্মক বন্ধ ঘোষণা কৰাৰ লগতে স্বাধীনতা দিৱস বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছিল।

আৰু তাৰ পিছতেই স্বাধীনতা দিৱসৰ দিনটোত ডিমৌত আলফাই উৰুৱালে পতাকা। ডিমৌৰ পাছতে লখিমপুৰতো দেখা গ’ল আলফাৰ পতাকা।

বগীনদী ৰে’ল ষ্টেচনত উৰিল আলফাৰ পতাকা। পতাকা খন প্ৰত্যক্ষ কৰাৰ পাছত আৰক্ষীয়ে আঁতৰাই নিয়ে পতাকাখন।