লেখাপানীত পুনৰ গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুই কেডাৰ…

321

অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৱৰ্তী তিনিচুকীয়া জিলাত নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম-ইণ্ডিপেণ্ডেণ্ট (আলফা-আই)ৰ দুজন কেডাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত কেডাৰ দুজনক বিবেক অসম আৰু মৃগেন অসম বুলি চিনাক্ত কৰা হৈছে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ লেখাপানী অঞ্চলৰ পৰা বুধবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰা বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বিবেক অসম ওৰফে বাস্তৱ ফুকনে ২০১১ চনত আলফা স্বাধীনত যোগদান কৰিছিল। আৰক্ষীৰ মতে, তেওঁ আছিল আলফা-আইৰ এজন গুৰুত্বপূৰ্ণ সদস্য।

ইয়াৰ পূৰ্বে ২২ নৱেম্বৰৰ পৰা ১৩ ডিচেম্বৰৰ ভিতৰত তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাট জিলাত সংঘটিত হোৱা তিনিটা সৰু সৰু বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা-স্বাধীনে।