লখিমপুৰ খেৰীৰ কৃষকৰ নৰসংহাৰক লৈ কলকাতাত দুৰ্গাপূজাৰ পেণ্ডেল নিৰ্মান

195

দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত এক প্ৰতিবাদৰ সময়ত চাৰি কৃষকক মন্ত্ৰীৰ কনভয়ৰ বাহনে মহতিয়াই হত্যা কৰা ঘটনাৰ পিছত কৃষকসকলৰ সৈতে একাত্মতা প্ৰকাশ কৰি এই বছৰ কলকাতাৰ এটা দুৰ্গা পূজাই নিৰ্মান কৰিছে ব্যতিক্ৰমী পেণ্ডেল।

২১ বছৰ সম্পূৰ্ণ কৰা কলকাতাৰ প্ৰসিদ্ধ দম দম পাৰ্ক ভাৰত চক্ৰ পূজা সমিতিয়ে কৃষকসকলৰ দুৰ্দশা আৰু কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া ৩খন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ সংগ্ৰামৰ ওপৰত আলোকপাত কৰি এইবাৰ সাজি উলিয়াইছে দুৰ্গা পূজাৰ পেণ্ডেল।

পেণ্ডেলটোৰ প্ৰৱেশদ্বাৰত ৰখা হৈছে এখন পাখি লগা ট্ৰেক্টৰ। আয়োজকসকলে জানিবলৈ দিয়া মতে কৃষকৰ মুক্তি আৰু ইচ্ছাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে এই ট্ৰেক্টৰখন।

আনহাতে পেণ্ডেল নিৰ্মাতা শিল্পীগৰাকীয়ে প্ৰৱেশদ্বাৰত বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ জোতা, লগতে আৰক্ষীৰ বেৰিকেড স্থাপন কৰিছে। পূজা সমিতিৰ এজন সদস্যই বুধবাৰে কয়, “জোতাযোৰ প্ৰতিবাদত একত্ৰিত হোৱাৰ প্ৰতীক আৰু লগতে কেনেদৰে আৰক্ষীৰ পদক্ষেপে কেতিয়াবা প্ৰতিবাদকাৰীসকলক পলাই যাবলৈ বাধ্য কৰে, তেওঁলোকৰ জোতা এৰি পলাই যাবলৈ বাধ্য কৰে।”

পেণ্ডেলৰ ভিতৰত, এখন এছ.ইউ.ভি. আৰু দুটা প্ৰকৃত টায়াৰৰ পেইণ্টিং এখন দেৱালত সজাই তোলা হৈছে আৰু লগতে লিখা হৈছে এটা শ্লোগান- “মটৰগাড়ী অৰে ধুলো, নিচ পোৰ চাচি গুলো [মটৰ গাড়ীৰ গতি বৃদ্ধি কৰে, ধুলিৰ ডাৱৰ সাজে আৰু কৃষকসকলক ইয়াৰ চকাৰ তলত পিষ্ট কৰে]।

পেণ্ডেলৰ বিষয়বস্তু প্ৰস্তুত কৰা শিল্পী অনিৰ্বাণ দাসেও অন্যান্য শ্লোগান ব্যৱহাৰ কৰিছে যেনে “আমি কৃষক, সন্ত্ৰাসবাদী নহয়”, “কৃষক নাই, ভৱিষ্যত নাই”, “জয় জোৱান, জয় কিষাণ”। দাসে কয় যে শ্লোগানবোৰ আলোকপাত কৰিবলৈ মৰাপাটৰ কাগজ ব্যৱহাৰ কৰা হৈছে। ভাৰতত জীৱনক কৃষিৰ কেন্দ্ৰীয়তা বুজাবলৈ দুৰ্গা মূৰ্তিৰ চাৰিওফালে এখন “ধানৰ পথাৰ” নিৰ্মান কৰা হৈছে।

পূজা সমিতিৰ সম্পাদক প্ৰতীক চৌধুৰীয়ে ইণ্ডিয়ান এক্সপ্ৰেছক কয়, “দুৰ্গা পূজা পৃথিৱীৰ অন্যতম মহান কাৰ্নিভাল হোৱাৰ বাবে, আমি প্ৰায়ে বাৰ্তা প্ৰচাৰ কৰাৰ সুযোগ লওঁ। এইটো একো ৰাজনৈতিক নহয়। পূজাৰ পেণ্ডেল থীম সাধাৰণতে সাম্প্ৰতিক বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰা হয়। গতিকে, আমি ভাবিছিলো যিহেতু যুগ যুগ ধৰি কেইবাটাও কৃষকৰ প্ৰতিবাদ হৈ আহিছে, আৰু এইটো আটাইতকৈ চৰ্চিত বিষয়, ইয়াক পূজাৰ মণ্ডপটোৰ বিষয় বস্তু কৰি কৃষকসকলৰ সৈতে একাত্মতা প্ৰদৰ্শন নকৰে কিয়? আমি এই বিষয়বস্তু সৃষ্টি কৰিবলৈ ২৫-২৬ লাখ টকা ব্যয় কৰিছো।”