মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ এক ডজন বিধায়কে এৰিব কংগ্ৰেছ: TMCত যোগদানৰ সম্ভাৱনা

117

দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছৰ বৰ্তমান অৱস্থা তথৈবচ! ইতিহাসৰ আটাইতকৈ বেয়া দিন অতিবাহিত কৰি থকা কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাৰ দলত্যাগৰ খবৰে বিগত সময়চোৱাত চৰ্চিত হৈ আছে। শেহতীয়াকৈ পঞ্জাৱত দেখা দিয়া দলটোৰ ৰাজনৈতিক সংঘাতে চৰম সীমা পাৰ কৰাৰ সময়তে আন এটা বেয়া খবৰে ভেটি কঁপাইছে কংগ্ৰেছৰ।

খবৰ অনুসৰি, কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলত এক গুৰুতৰ বিফলতাৰ সন্মুখীন হ’ব পাৰে। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা আৰু উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনৰ প্ৰায় এক ডজন বিধায়কে কংগ্ৰেছ ত্যাগ কৰি শীঘ্ৰেই মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান বিৰোধী দলৰ নেতা মুকুল চাংমা কংগ্ৰেছ হাইকমাণ্ডৰ ওপৰত অসন্তুষ্ট হোৱাৰ খবৰ প্ৰকাশ পাইছে। এনে পৰিস্থিতিত তেওঁ টিএমচিত তেওঁৰ ৰাজনৈতিক ভৱিষ্যত দেখিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মুকুল চাংমাই যোৱা সপ্তাহত বংগ ভ্ৰমণ কৰিছিল য’ত তেওঁ কলকাতাত টিএমচি নেতৃত্বক সাক্ষাৎ কৰিছিল। চাংমাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে তেওঁৰ শেহতীয়া বৈঠকৰ বাতৰি অস্বীকাৰ কৰিছিল।

অৱশ্যে, সুস্মিতা দেৱৰ মেঘালয় ভ্ৰমণৰ পিছত, চাংমাই টিএমচিত যোগদান কৰিবলৈ আগ্ৰহী হোৱা বুলি চৰ্চা তীব্রতৰ হৈ পৰিছে। স্মৰ্তব্য যে সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰি আগষ্টমাহত টিএমচিত যোগদান কৰিছিল। যদি চাংমাই কংগ্ৰেছ ত্যাগ কৰে, আন বহুতো বিধায়কেও দল ত্যাগ কৰিব পাৰে। চাংমাই কিছু সময়ৰ বাবে দল ত্যাগ কৰাৰ সিদ্ধান্ত পিছুৱাই দিছিল।

খবৰ অনুসৰি চাংমাই কংগ্ৰেছ ত্যাগ কৰিলে তেওঁৰ প্ৰতি সমৰ্থন ৰখা ১৩ গৰাকী বিধায়কেও দলত্যাগ কৰিব পাৰে। যদি সেয়া হয়, তেন্তে মেঘালয়ত কংগ্ৰেছ ভালকৈয়ে মুখথেকেছা খাব বুলি চৰ্চা চলিছে।