মেঘালয়ত ৪.৮ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ…

146

ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা মেঘালয় আৰক্ষীৰ। দেওবাৰে মেঘালয় আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৪.৮ কোটি টকা মূল্যৰ হেৰ’ইন।

খবৰ অনুসৰি ৰি-ভয় জিলাত এম এল ০৫ এছ ৯৪৮৫ নম্বৰৰ এখন বাহনত চলোৱা তালাচীৰ সময়ত আৰক্ষীয়ে কমেও ৭৪টা হেৰ’ইনভৰ্তি বাকচ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মণিপুৰৰ পৰা সৰবৰাহৰ সময়তে জব্দ কৰে আৰক্ষীয়ে।

ইতিমধ্যে ট্ৰাক চালকজনকো আটক কৰিছে মেঘালয় আৰক্ষীয়ে।

লগতে আৰক্ষীয়ে ট্ৰাকখন, এটা মোবাইল ফোন আৰু ৫ হাজাৰ টকা নগদ ধন জব্দ কৰে।

ইফালে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যৰ আৰক্ষীয়ে সৰবৰাহৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।