মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে ডি ৰিম্বাইৰ দেহাৱসান

161

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জে ডি ৰিম্বাইৰ দেহাৱসান।

বৃহস্পতিবাৰে ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ ৰাজনীতিবিদজনে।

ৰাইম্বায়ে ১৯৮৩ চনত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু জিৰাং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকটত মেঘালয়ৰ বিধান সভাৰ নিৰ্বাচনত সফলতাৰে প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁক একে বছৰতে বিধান সভাৰ উপাধ্যক্ষ নিযুক্ত হৈছিল। ১৯৯৩ চনত তেওঁ মেঘালয় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়।

তেওঁ ২০০৬ চনৰ ১৫ জুনত মেঘালয়ৰ মুখ্যমন্ত্ৰী হৈছিল আৰু ২০০৭ চনৰ মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।

মেঘালয়ৰ মুৰব্বী কনৰাড চাংমাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়, “আমাৰ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জে ডি ৰাইম্বাইৰ মৃত্যুৰ বিষয়ে জানি দুখ পাইছো। শ্ৰী ৰিম্বাই এজন মহান ৰাজনীতিবিদ আছিল, তেওঁ সেৱা আগবঢ়োৱা লোকসকলৰ দ্বাৰা প্ৰশংসিত। আমাৰ ৰাজ্যৰ উন্নয়নত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”