মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ বিখ্যাত আম উপহাৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

311

গুৱাহাটীঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ দেশৰ বিখ্যাত ‘আমৰাপালী’ আম উপহাৰ দিছে বুলি শনিবাৰে বিষয়াসকলে প্ৰকাশ কৰিছে।

গুৱাহাটীৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনবীৰ মনছুৰে শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাক এই উপহাৰ প্ৰদান কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে উপহাৰ হিচাপে অসমলৈ প্ৰেৰণ কৰিছে ২০০ কেজি আম।

মনছুৰে কয় যে বৰ্তমান দুয়োখন দেশে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু নৰেন্দ্ৰ মোদী দুয়োৰে কাৰিজমাটিক নেতৃত্বত ‘বেষ্ট অৱ বেষ্ট ৰিলেচন’ লাভ কৰিছে।

অসমৰ মুখ্যমন্ত্রীয়েও এই প্রচেষ্টাত বিশেষ ভূমিকা পালন কৰিছে’৷

তেওঁ কয় যে এইবোৰ উন্নতমানৰ আম আৰু প্ৰধানমন্ত্ৰীৰ এইবোৰ চুবুৰীয়া দেশসমূহৰ সৈতে ভাগ-বতৰা কৰাৰ ইচ্ছা আছে।

‘তেওঁ, সেয়েহে, অসমৰ গণ্যমান্য ব্যক্তিসকলৰ বাবে উন্নতমানৰ আম পঠিয়াইছে। বাংলাদেশৰ এই উপহাৰে দেশসমূহৰ মাজৰ মধুৰ সম্পৰ্কক মধুৰ কৰি তুলিব’, মনছুৰে লগতে কয়।

উপহাৰ গ্ৰহণ কৰি সিনহাই’ কয় যে তেওঁ মুখ্যমন্ত্ৰী আৰু অসমবাসীৰ হৈ শ্বেখ হাছিনালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

যোৱা মাহৰ আৰম্ভণিতে হাছিনাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আম প্ৰেৰণ কৰিছিল।