মিৰ্জাৰ পতঞ্জলি যোগপীঠত স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

91

ষ্টাফৰিপৰ্টাৰ, “ক’ভিড-১৯ মহামাৰীৰ এই সময়চোৱাত আমাৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ উৎসৰ্গীত সেৱাক যিমানেই প্ৰশংসা নকৰোঁ কিয়, প্ৰতিবাৰেই সেয়া কম হ’ব – এইদৰে কয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে পলাশবাৰী, মিৰ্জাৰ পতঞ্জলি যোগপীঠত স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰটি পৰিদৰ্শন কৰি তাত কৰ্মৰত চিকিৎসক আৰু নাৰ্ছসকলৰ সৈতে কেন্দ্ৰটিত উপলব্ধ চিকিৎসা-ব্যৱস্থা সন্দৰ্ভত বাৰ্তালাপ কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰিদৰ্শনকালতে চিকিৎসক আৰু নাৰ্ছসকলৰ প্ৰয়োজনীয়তা, সা-সুবিধা আদিৰো বুজ লয় মন্ত্ৰী গৰাকীয়ে।