“মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, ইয়ৰ টাইম ষ্টাৰ্টছ নাও” – টুইটাৰত কটাক্ষ TMC সাংসদৰ

233

সংসদৰ বৰ্ষাকালীন অধিৱেশন অন্ত পৰাৰ পিছতো বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰাৰ সুযোগ এৰি দিয়া নাই। উল্লেখ্য যে, বৰ্ষাকালীন অধিবেশনৰ আৰম্ভণিৰে পৰা শাসকপক্ষই অভিযোগ উত্থাপন কৰি আহিছে যে পেগাচাছ, মূল্যবৃদ্ধি, কৃষি আইনৰ বিষয়ক লৈ বিৰোধীয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ ফলত সংসদৰ কামকাজত বাধা জন্মিছে। ইফালে প্ৰতিবাদৰ প্ৰথম শাৰীত থকা তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সৰ্বাধিক সংখ্যক অভিযোগ উত্থাপন কৰিছে শাসক দলে। তাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে সংসদত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিক লক্ষ্য কৰি লৈছিল গুৰুবাৰে।

ডেৰেকে বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসকলক টুইটাৰত আঠটা প্ৰশ্ন সুধিছিল। কিন্তু সেই প্ৰশ্নৰ চৰকাৰী পক্ষৰ পৰা কোনো উত্তৰ লাভ নকৰাত শুক্ৰবাৰে চিধাই প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লয় টিএমচিৰ সাংসদ গৰাকীয়ে। তেওঁ এক টুইটত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে এইদৰে- ‘মিষ্টাৰ প্ৰাইম মিনিষ্টাৰ, ইয়’ৰ টাইম ষ্টাৰ্টছ নাও’ (প্ৰধানমন্ত্ৰী মহোদয়, আপোনাৰ সময় এতিয়া আৰম্ভ হৈছে)।

ডেৰেকে কয়, “অ’বিচিৰ দৰে গুৰুত্বপূৰ্ণ বিধেয়কৰ ওপৰত ভোটদান কৰোঁতে দেশৰ দুগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী- মনমোহন সিং আৰু দেৱগৌড়া সংসদত উপস্থিত আছিল। কিন্তু আপুনি ক’ত আছিল? প্ৰধানমন্ত্ৰী মহোদয়, আপুনি সংসদত কিয় উপস্থিত নাছিল? আপুনি সংসদক এনেদৰে কিয় উপেক্ষা কৰিছে? আপুনি আৰু আপোনাৰ চৰকাৰ দেশৰ জনসাধাৰণৰ প্ৰতি, জনপ্ৰতিনিধিসকলৰ প্ৰতি, সংসদৰ প্ৰতি দায়বদ্ধ। এতিয়া আমাক উত্তৰ দিয়াটো আপোনাৰ কৰ্তব্য। আঠজন মন্ত্ৰীয়ে নোৱাৰিলে। প্ৰধানমন্ত্ৰী, আপোনাৰ সময় এতিয়া আৰম্ভ হৈছে। ‘

উল্লেখ্য যে, ডেৰেকে কেন্দ্ৰীয় মন্ত্ৰীসকলক সোধা আঠটা প্ৰশ্নত সংসদত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিৰ প্ৰশ্নও অন্তৰ্ভুক্ত আছিল। বিৰোধীৰ অনুপস্থিতিত মোডী চৰকাৰে কেনেদৰে এটাৰ পিছত এটা বিধেয়ক গৃহীত কৰিছিল সেই সন্দৰ্ভতো ডেৰেকে প্ৰশ্ন উত্থাপন কৰিছিল। অৱশ্যে চৰকাৰে তৃণমূল সাংসদগৰাকীৰ প্ৰশ্নৰ প্ৰতি কোনোধৰণৰ সঁহাৰি দিয়া পৰিলক্ষিত নহল।