মিঞা মিউজিয়াম স্থাপনৰ বাবে ধন আহিছিল সন্ত্ৰাসবাদীৰ পৰা…

137

গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপনৰ বাবে সন্ত্ৰাসবাদীৰ পৰা ধন লাভ কৰিছিল অসম মিঞা পৰিষদে।

ৰাজ্যজুৰি মিঞা মিউজিয়াম বিতৰ্কক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।

খবৰ অনুসৰি অসম আৰক্ষীয়ে মিঞা মিউজিয়াম স্থাপনৰ আঁৰত ভাৰতীয় উপমহাদেশৰ আল কায়দা (AQIS) আৰু আনছাৰুল্লাহ বাংলা টীম (ABT)ৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক উন্মোচন কৰিছে।

তদুপৰি অসম মিঞা পৰিষদৰ সভাপতি, বিতৰ্কিত সংগ্ৰহালয়টো স্থাপনৰ আঁৰত এম মহৰ আলীয়ে গোৱালপাৰাত মিঞা সংগ্ৰহালয় স্থাপনৰ বাবে ধন বিচাৰি এবিটিৰ কাষ চাপিছিল বুলি বিশেষ ডিজিপি জিপি সিঙে অৱগত কৰে।

আৰক্ষীৰ আগতো এই কথা স্বীকাৰ কৰিছে ধৃত মহৰ আলীয়ে।

সংবাদ মাধ্যমৰ সন্মুখত এই তথ্য প্ৰকাশ কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।