মিজোৰামত ৩ কোটি মূল্যৰ হেৰোইন জব্দ

6393

মিজোৰামৰ চাম্ফাই জিলাত চলোৱা এক তালাচী অভিযানত অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নৰ সেনাই মুঠ ৭৫১.২ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা হেৰোইনৰ মূল্য প্ৰায় ৩ কোটি টকা।

চম্ফাই জিলাৰ ভেংলাই গাঁৱৰ পৰা হেৰোইনখিনি উদ্ধাৰ কৰা হয়।

ইয়াৰ পূৰ্বে, মিজোৰামৰ আবকাৰী আৰু নিচাজাতীয় সামগ্ৰী বিভাগে সোমবাৰে ৰাজ্যখনৰ দুটা স্থানৰ পৰা ১৪ লাখ টকা মূল্যৰ ৫০৩ গ্ৰাম হেৰোইন জব্দ কৰে আৰু গোচৰটোৰ সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

এক গোপন সূত্ৰৰ জৰিয়তে বিভাগৰ বিষয়া আৰু অসম ৰাইফলছৰ জোৱানসকলে ম্যানমাৰ সীমান্তৰ ওচৰৰ চাম্ফাই জিলাৰ বুলফেকজল অঞ্চলত অভিযান আৰম্ভ কৰে।

গ্ৰেপ্তাৰ কৰা তিনিওজনৰ বিৰুদ্ধে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট ১৯৮৫ ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।