ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিলঃ ৰূপালী জয়ন্তী বৰ্ষ স্পৰ্শ কৰা মাহেকীয়া আলোচনী বাৰ্তাপখিলী ৰ উদ্যোগত এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বিশেষকৈ কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক্ডাউনৰ পৰিপ্ৰেক্ষিতত অসম ভিত্তিত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতাখনিত স্নাতক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সমূহ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। মুকলি সাহিত্য প্ৰতিযোগিতাখনি অসমীয়া ভাষাত অনুষ্ঠিত হ’ব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিছে। এইলানি সাহিত্য প্ৰতিযোগিতা কবিতা-গল্প-অণুগল্প-প্ৰবন্ধ শাখাত অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য প্ৰতিযোগিতাৰ প্ৰতিটো বিভাগতে প্ৰতিযোগীসকলে এটাকৈহে লেখা পঠাব পাৰিব। প্ৰতিযোগিতালৈ পঠিওৱা লেখাসমূহ স্বৰচিত আৰু কোনো মাধ্যমত ইতিমধ্যে প্ৰকাশ নোহোৱা হ’ব লাগিব। লেখাসমূহ ম’বাইলতে টাইপ কৰি bipulkr.dihingia83@gmail.com, durgaphazarika@gmail.com এই ওপৰত উল্লেখ কৰা যিকোনো এটা ঠিকনাত প্ৰতিযোগীৰ নাম-ঠিকনা, ম’বাইল নম্বৰসহ স্পষ্ট ৰূপত লিখি ২০ মে’ৰ ভিতৰত পঠিয়াব পাৰিব। উল্লেখ্য এখন জুৰিৰ ব’ৰ্ডে নিৰ্বাচিত কৰা কেউটি বিভাগৰ প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক গ্ৰন্থৰ টোপোলা, মানপত্ৰৰে সন্মানিত কৰা হ’ব। প্ৰতিযোগিতাৰ ফলাফলসমূহ বাতৰি কাকত আৰু সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ লগতে পুৰস্কাৰসমূহ ডাক বিভাগৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলি বাৰ্তাপখিলী ৰ তৰফৰ সম্পাদক ব্ৰজেন্দ্ৰনাথ ডেকাই জানিবলৈ দিছে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...