মাজুলীত দেউৰী সকলৰ ‘ইবাঁকু বিচু’ উদযাপন

104

অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী দেউৰীসকলৰ বসন্ত উৎসৱ ইবাঁকু বিচু আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। মাজুলীতো আজি এই উৎসৱ উপলক্ষ্যে মাজৰ দেউৰী, বালি দেউৰী, শ্রীৰাম দেউৰী গাঁও আদি স্থানত অতি উলহ-মালহেৰে বিচু বা বিহু উদযাপন কৰিছে।

ঘৰৰ মুৰব্বীজনে পৰিয়ালৰ মৃতকসকলৰ পিণ্ড দান কৰাৰ অন্তত ইজনে সিজনৰ ঘৰলৈ গৈ বিচুৰ শুভেচ্ছা জনাই পৰম্পৰাগত কাজি আৰু চুঁজে খোৱাৰ পৰ্ব আৰম্ভ কৰে। মহিলা সকলে কণী যুঁজ খেলাৰ উপৰি বোকা খেলত ভাগ লয়।আজিৰ দিনটোতে দেউৰী সকলে চুৰিয়া পিন্ধোৱা নামৰ এক অনুষ্ঠানো পালন কৰে। পৰম্পৰা অনুসৰি যৌৱনৰ দুৱাৰডলিত ভৰি দিয়া তেৰ-চৈধ্য বছৰীয়া ল’ৰাক চুৰিয়া পিন্ধোৱা হয়। চুৰিয়া পিন্ধোৱা সকলক আজিৰ দিনটোৰ পৰাই ডেকা হিচাপে স্বীকৃতি দিয়ে।

বিচুত অংশ লোৱা লোকসকলে দেওঘৰৰ পৰা ওলাই আহি গাঁৱৰ মুখিয়ালজনৰ ঘৰত বিচু বা বিহু মাৰে। ইয়াৰ পিছত গাঁওখনৰ পূবৰ পৰা পশ্চিমলৈ প্রতিঘৰতে বিচু মাৰি গাঁৱৰ মূৰৰ মুকলি পথাৰত বিহুৰ বিদায় জনায়।