মাজুলীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

80

ড্ৰাগছ-মদৰ লগতে অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তথা অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যজুৰি সষ্টম হৈছে আৰক্ষী-প্ৰশাসন। প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ, অবৈধ সুৰা জব্দ হৈ আহিছে। ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে বহু কেইজনক।

শেহতীয়াকৈ মাজুলীতো নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত আজি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। মাজুলীৰ নামনি বালিচাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, মাজুলীত দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা জোনমণি ৰাভাই অবৈধ ড্ৰাগছৰ সৰবৰাহকে ধৰি অন্যান্য অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ ভূমিকা পালন কৰি আহিছে। আৰক্ষীৰ এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।