মহানগৰীত ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ মহিলাক গ্ৰেপ্তাৰ

107

ৰাজ্যত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে ড্ৰাগছৰ সৰবৰাহ আৰু বিক্রীৰে জড়িত থকাৰ অভিযোগত ভালেকেইজন লোক গ্ৰেপ্তাৰ হোৱাৰ সময়তে এইবাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ মহানগৰীত গ্ৰেপ্তাৰ হল এগৰাকী মহিলা।

গড়চুক আৰক্ষীয়ে সাউকুছিত আকস্মিক অভিযান চলাই ত্ৰিনয়ন পথৰ ৰীতা বড়ো নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ১৪টা ব্ৰাউন ছুগাৰভৰ্তি কণ্টেইনাৰ জব্দ কৰে। ইয়াৰ লগতে নগদ ধন, এখন বাইক আৰু অন্যান্য অপত্তিজনক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত ৰীতা বড়োক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে।