মহানগৰীত চাঞ্চল্য! ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কিশোৰী, সংকটজনক পিতৃৰ অৱস্থা

371

মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

বুধবাৰে সন্ধিয়া নিজ বাসগৃহত উদ্ধাৰ এগৰাকী কিশোৰীৰ মৃতদেহ।

গুৱাহাটীৰ বৰগাঁও অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

ইফালে ঘৰৰ ভিতৰত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসকো।

দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰি পিতৃ-কন্যাৰ ওপৰত আক্ৰমণ চলোৱাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে এই সন্দৰ্ভত কোনো অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত লোকজনক হাস্পতালত ভৰ্তি কৰোৱায়।