মন্দিৰৰ পৰা ওভতাৰ পথত বাগৰিল ট্ৰেক্টৰ! ২৬ জনৰ কৰুণ মৃত্যু

242

উত্তৰ প্ৰদেশৰ কানপুৰত ভয়ংকৰ দুৰ্ঘটনা। মন্দিৰৰ পৰা ওভতাৰ পথতে নিশা দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২৬ জন ভক্তই।

শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

স্থানীয় এটা মন্দিৰৰ অনুষ্ঠানৰ পৰা নিশা এখন ট্ৰেক্টৰ ট্ৰলীৰে ঘৰলৈ উভতিছিল ৫০ জন ভক্তই।

কিন্তু পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ট্ৰেক্টৰখন। যাৰ ফলত প্ৰাণ হেৰুৱায় কমেও ২৬ জনে।

নিহত সকলৰ অধিকাংশই মহিলা আৰু শিশু বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

দুৰ্ঘটনাৰ খবৰ লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক ব্যক্ত কৰিছে।