মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

118

গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটী-শ্বিলং পথত দুৰ্ঘটনাত পতিত হয় মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ এখন বাহন। জানিব পৰা মতে, পুৱা শিলচৰ অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰৰ ওপৰত বাগৰি পৰে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহনখন।

এই দুৰ্ঘটনাত অতুল বৰাৰ সুৰক্ষাত নিয়োজিত দুগৰাকী নিৰাপত্তাৰক্ষী আহত হয়। আহত নিৰাপত্তাৰক্ষী দুগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে এই দুৰ্ঘটনাৰ পৰা কথমপি মন্ত্ৰী অতুল বৰা বহি থকা বাহনখন ৰক্ষা পৰে।