মণিপুৰৰ হিংসাৰ আঁৰত থাকিব পাৰে ৰঙা চীনৰ হাত! সন্দেহ প্ৰাক্তন সেনাপ্ৰধানৰ

2566

মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে বিদেশী শক্তি। এই সন্দেহ ব্যক্ত কৰিছে প্ৰাক্তন সেনা প্ৰধান এম এম নৰৱণে। তেওঁ দাবী কৰে, ‘মণিপুৰত অবিৰত হিংসাৰ আঁৰত চীনৰ ষড়যন্ত্ৰ হ’ব পাৰে। উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহক চীনে ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছে। “

মণিপুৰ সন্দৰ্ভত এক সাক্ষাৎকাৰত প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে কয় যে মণিপুৰৰ অশান্তিৰ ক্ষেত্ৰত চীনৰ ভূমিকাৰ সম্ভাৱনাক আওকাণ কৰিব নোৱাৰি। মণিপুৰৰ এই অশান্তিৰ ঘটনাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি বিপদৰ সৃষ্টি কৰিছে বুলিও তেওঁ অনুভৱ কৰে। কিন্তু একে সময়তে প্ৰাক্তন সেনাধ্যক্ষগৰাকীয়ে কয় যে তেওঁ নিশ্চিত যে চীনৰ এই চক্ৰান্তৰ বিষয়ে ভাৰত চৰকাৰ অৱগত।

নাৰৱণে অনুভৱ কৰিছে যে চীনে পূব লাডাখৰ দৰে উত্তৰ-পূবতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰে অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কিন্তু একে সময়তে তেওঁ মন্তব্য কৰে যে, “মই নিশ্চিত যে ভাৰত চৰকাৰে চীনৰ এই পদক্ষেপৰ বিষয়ে অৱগত আৰু এই বিষয়ৰ বাবে দায়বদ্ধ সংশ্লিষ্ট বিষয়াসকলে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।”

মন কৰিবলগীয়া যে মণিপুৰত প্ৰায় ২৫টা কুকি উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে। একাধিক চোৰাংচোৱা সংস্থাৰ মতে এই বিচ্ছিন্নতাবাদীসকলক চীন আৰু আই এছ আইৰ সমৰ্থনত আছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত আঠশৰো অধিক অত্যাধুনিক ৰাইফল আৰু এঘাৰ হাজাৰ জাঁই গুলী উদ্ধাৰ কৰা হৈছে।