ভাৰতীয় মূলৰ দুগৰাকী সাংবাদিকলৈ পুলিৎজাৰ বঁটা

97

আমেৰিকান সংবাদ ক্ষেত্ৰৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ বঁটা এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে দুগৰাকীকৈ ভাৰতীয় মূলৰ সাংবাদিকে। অনবদ্য সংবাদ সেৱাৰ বাবে চলিত বৰ্ষৰ পুলিৎজাৰ বঁটা লাভ কৰিছে ভাৰতীয় মূলৰ সাংবাদিক মেঘা ৰাজগোপালন আৰু নীল বেদীয়ে।

উল্লেখ্য যে, অনুসন্ধানমূলক এক প্ৰতিবেদনৰ বাবে মেঘা ৰাজগোপালনে সাংবাদিকতাৰ সৰ্বোচ্ছ সন্মান পুলিৎজাৰ বঁটা লাভ কৰিছে। মুছলমান উইগুৰ আৰু অনান্য সংখ্যালঘু জাতিৰ লোকসকলৰ বাবে চীনে নিৰ্মাণ কৰা গণ ডিটেনচন কেম্পৰ ওপৰত এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰস্তুত কৰিছিল মেঘা ৰাজগোপালনে।

ইফালে টাম্পা টাম্পা বে টাইমছৰ এজন সম্পাদকৰ সৈতে লিখা অনুসন্ধানমূলক প্ৰতিবেদনৰ বাবে স্থানীয় প্ৰতিবেদন শ্ৰেণীত পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আন এগৰাকী ভাৰতীয় মূলৰ সাংবাদিক নীল বেদীয়ে।