বিহু’ক ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব শিক্ষাৰ্থীয়ে

105

ষ্টাফৰিপৰ্টাৰ, ২০ জুন : আগন্তুক শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ‘বিহু’ক ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব।উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হ’ল ‘বিহু’।শিক্ষা সংসদৰ বৈঠকত ‘বিহু’ক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যে শিক্ষা সংসদে ‘বিহু’ বিষয়ৰ নতুন পাঠ্যক্ৰম ছপা কৰিছে।ইছমাইল হুছেইন, খগেন গগৈ, জয়কান্ত গন্ধিয়াৰ লগতে অসমৰ বহুকেইগৰাকী বিহু বিশেষজ্ঞই লিখিছে ‘বিহু’ বিষয়ৰ পাঠসমূহ।আনহাতে,অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তভুক্ত ২৭টা বৃত্তিগত বিষয় কৰা হ’ব বুলি শিক্ষা সংসদৰ পৰা জানিব পৰা হৈছে।