বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ বাতিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা মাচুল উঠাই লোৱা

118

এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰীক্ষা অনুস্থিত কৰাৰ নিৰ্দেশ বাতিল কৰা, গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষা মাচুল সংগ্ৰহ বন্ধ কৰা, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধি কৰা আৰু পৰিস্থিতি স্বাভাৱিক হ’লে প্ৰৱেশ পৰীক্ষাৰ মাজেৰে বিশ্ববিদ্যালয়ে নামভৰ্তি অনুষ্ঠিত কৰাৰ দাবীত ৰাজ্যজুৰি দাবী দিৱস পালন কৰে । লকদাউনৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি তথা শাৰীৰিক দূৰত্ব ৰাখি নিজৰ অঞ্চল, চুবুৰী বা ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে দাবীসমূহ তুলি ধৰে । 

বিশ্ববিদ্যালয় অনুদান আয়োগে যোৱা ৬ জুলাই তাৰিখে প্ৰকাশ কৰা নিৰ্দেশাৱলীত উল্লেখ কৰিছিল যে ছেপ্টেম্বৰ মাহৰ ভিতৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ষাণ্মাসিক পৰীক্ষা অনলাইন অথবা অফলাইন মাধ্যমেৰে অনুষ্ঠিত কৰিব লাগিব। এছ এফ আইয়ে লক্ষ্য কৰিছে যে বৰ্তমানৰ অতিমাৰী পৰিস্থিতিত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা একেবাৰেই সম্ভৱ নহয় । অন্যহাতেদি অনলাইন মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰিলে  বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাটো নিশ্চিত । এই নিৰ্দেশ সম্পূৰ্ণ বিভাজনকামী আৰু ই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক অনিশ্চয়তালৈ ঠেলি দিছে। ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশতেই প্ৰতিবাদ হোৱা স্বত্তেও বিশ্ববিদ্যালয় অনুদান আয়োগে পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰিছে । এনে এক পৰিস্থিতিত এছ এফ আইয়ে  পূৰ্বৰ পৰীক্ষাৰ নম্বৰ, এচাইনমেণ্ট (Assignment), প্ৰজেক্ট আদিৰ ভিত্তিতশিক্ষাবিদসকলৰ লগত আলোচনা কৰি বিকল্প মুল্যাংকন ব্যৱস্থা তৈয়াৰ কৰা অথবা  পৰিস্থিতি সামান্য হ’লেহে পৰীক্ষা অনুস্থিত দাবী জনাইছে । এছ এফ আইয়ে অসমৰ বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষক অনুদান আয়োগৰ এই নিৰ্দেশৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীৰ পক্ষত থিয় দিবলৈ আহ্বান জনাইছে।  

এনে এক ধূসৰ পৰিস্থিতিতেই গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ যুগ্ম ষাণ্মাসিকৰ পৰীক্ষাৰ বাবে অনলাইন প্ৰপত্ৰ পূৰণ আৰু মাছুল সংগ্ৰহৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে । প্ৰ-পূৰণৰ কাম আগুৱাই নিলেও মাচুল সংগ্ৰহৰ কাৰ্যই যথেষ্টসংখ্যক ছাত্ৰ-ছাত্ৰী অসুবিধাত পেলাইছে। বৰ্তমান চলি থকা অৰ্থনৈতিক দুৰ্দশাৰ প্ৰভাৱত সমাজৰ সকলো অংশৰ মানুহ কম-বেছি পৰিমানে ক্ষতিগ্ৰস্ত হৈছে। ছাত্ৰ-ছাত্ৰীৰ পৰা পৰীক্ষাৰ মাছুল সংগ্ৰহ কৰা সমূলি অযুক্তিকৰ। এছ এফ আইয়ে মাচুল সংগ্ৰহ কৰা বন্ধ কৰা তথা ইতিমধ্যে সংগ্ৰহ কৰা মাচুল ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছে ।

এছ এফ আইয়ে আজিৰ দাবী দিৱসত সকলো যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে আসন নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে । যোৱা কেইবাটাও বছৰ ধৰি দেখা গৈছে অসমৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কেইবাহাজাৰ শিক্ষাৰ্থীয়ে আসনৰ অভাৱত স্নাতক পৰ্যায়ত নামভৰ্তি কৰিব নোৱাৰে। এই বৰ্ষৰ পৰিস্থিতি বিগত বৰ্ষসমূহতকৈ আৰু অধিক জটিল। কিয়নো আগতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ এক বুজনসংখ্যক শিক্ষাৰ্থীয়ে অসমৰ বাহিৰত অধ্যয়নৰ বাবে ঢাপলি মেলে।এইবেলি কোভিড-১৯ অতিমাৰীৰ দ্বাৰা সমগ্র দেশতে সৃষ্ট পৰিবেশৰ বাবে অসমৰ বাহিৰলৈ যথেষ্ট কমসংখ্যক ছাত্র-ছাত্ৰীহে অধ্যয়নৰ বাবে যোৱাৰ প্ৰৱনতা দেখা দিছে। এনে অৱস্থাত অসমৰ স্নাতক মহাবিদ্যালয় সমূহত নামভৰ্ত্তিৰ বাবে যে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ব সেয়া নিশ্চিত। এইবেলি কেৱল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ সংখ্যা ১,৮২,২৬০ গৰাকী। চিবিএছ‌ই বৰ্ডৰ পৰা পাছ কৰিবলগীয়া এক বুজনসংখ্যক ছাত্র- ছাত্ৰী আছেই।