বিধ্বংসী বান! ৩১ জনৰ মৃত্যু, ২৮খন জিলাৰ ২৯৩০ খন প্লাৱিত

367

নিউজ ডেস্কঃ ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। প্ৰধান নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে বানত বুৰ গৈছে ইখনৰ পিছত সিখন গাঁও। গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ পৰিয়াল, পানীৰ তলত সোমাই পৰিছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি!

ইফালে বানৰ লগতে একাধিক স্থানত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূমিস্খলনে। ৰাজ্যখনত সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ এনে ভয়ংকৰ পৰিস্থিতিত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৩১জনকৈ লোকে।

শুকুৰবাৰে দুই শিশুসহ আৰু ৯ জন লোকে প্ৰাণ হেৰুৱায়। একে দিনাই সন্ধানহীন হৈ আছে আন এজন ব্যক্তি।

ৰাজ্যৰ ২৮খন জিলাৰ ২৯৩০খন গাঁৱৰ প্ৰায় ১৯ লাখ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

চলিত বৰ্ষত বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে মুঠ ১৭ জন লোকে।

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ মাজতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিস্খলনৰ খবৰ পোৱাৰ ফলত বিভিন্ন ঠাইতো পানী জমা হৈ পৰে।

গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত ভূমিস্খলনত এটা ঘৰৰ পহৰাদাৰী দেৱাল ভাঙি যায়।

খবৰ অনুসৰি, বাসগৃহটো কল্পনা কুমাৰী ডেকা নামৰ এগৰাকী ভদ্ৰমহিলাৰ আছিল। কিন্তু ঘটনাটোত কোনো লোক আহত বা হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ইফালে আন এক ঘটনা সংঘটিত হয় মঠঘৰীয়া অঞ্চলত। অঞ্চলটোত ভূমিস্খলনৰ ফলত এটা ঘৰৰ ক্ষতিসাধন হয়।

বিগত ৫ দিন ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীৰো সকলো প্ৰধান পথতো আঁঠুলৈকে পানী ভৰি পৰিছে।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অন্ততঃ অহা দুদিনলৈ বৰষুণ অব্যাহত থাকিব।

১৮ জুনলৈকে অসম আৰু মেঘালয় দুয়োখন দেশতে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।