বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩ লক্ষাধিক জন কোভিড পজিটিভ

70

ভাৰতত বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩,১৪,৮৩৫ জন এই মহামাৰীত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মৃত্যু ঘটিছে ২,১০৪ জনৰ। উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰতে এতিয়া সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত।

বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্ত ১,৫৯,৩০,৯৬৫ জন। কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১,৮৪,৬৫৭ জনৰ। আনহাতে বৰ্তমানলৈ দেশত ১৩ কোটিতকৈ অধিক লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।