বহিঃৰাজ্য-জমাতৰ পৰা ঘুৰি আহি আত্মগোপন কৰা লোকৰ বিৰুদ্ধে কঠোৰ হওঁক প্ৰশাসন আৰু সমাজ

158

ষ্টাফ ৰিপোৰ্টাৰ, ২ এপ্ৰিল : সমগ্ৰ বিশ্ব, ভাৰত আৰু অসমে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিত অসমৰ চৰকাৰে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সময়ত প্ৰশাসনক সহায় কৰাটো আমাৰ দায়িত্ব৷ নিম্ন মানসিকতা, গোড়ামী আৰু অন্ধবিশ্বাস পৰিহাৰ কৰি মানৱ সমাজৰ হিতৰ চিন্তা কৰাৰ সময়৷ এনে ভয়াবহ পৰিস্থিতিত অসমৰ প্ৰায় ভাগ জামাত বা মছজিদ সমিতিয়ে প্ৰশাসনৰ নিৰ্দেশ পালন কৰি মছজিদত সমাবেশ বন্ধ কৰিছে৷ প্ৰশাসনৰ সকলো নিৰ্দেশক সহাৰি জনাইছে৷ তেনে ক্ষেত্ৰত বহিঃৰাজ্যৰ পৰা অসমলৈ আহি আত্মগোপন কৰা লোকসকল সমাজৰ বাবে বিপদজনক৷ পৰিয়াল, সমাজ আৰু দেশৰ বাবে বিপদজনক এইসকল লোক৷ অসমৰ মানুহক মানসিক ভাৱে হাৰাশাস্তি কৰিছে বহিঃৰাজ্যৰ পৰা অহা লোকে৷ দিল্লীৰ নিজামুদ্দিন মৰ্কজত অংশ লৈ অসমলৈ ভয়াবহ বীজাণু কঢ়িয়াই আনি অসমীয়া জাতিক বিপদলৈ ঠেলি দিছে৷ সমানে সেইসকল লোকে অসমলৈ আহি আত্মগোপন কৰা বুলি প্ৰচাৰ হৈ আছে৷ সমাজত ভাইৰাছ বিয়পোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ সন্দেহ থকা এই সকল লোক দায়িত্ব এৰি পলায়ন কৰা জাতীয় শত্ৰু ৰূপে বিবেচিত হৈছে৷ এইসকল লোকে অসমৰ সমাজব্যৱস্থাক প্ৰত্যাহ্বান জনাই আত্মগোপন কৰা কাৰ্য হঠকাৰী৷ এনে হঠকাৰী কাম কৰি জাতিৰ সৈতে গড্ডাৰী কৰাসকলক আমি নিশ্চয় ক্ষমা নকৰো৷ শাস্তি নিশ্চয় লাভ কৰিব৷ কিন্তু এই মুহূৰ্তত যিসকলে আত্মগোপন কৰি থকা বুলি প্ৰশাসনৰ হাতত তথ্য আছে সেইসকল ব্যক্তিৰ লগতে পৰিয়ালৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছো৷ মানৱ জাতিৰ বিপদৰ সময়ত জাতিৰ সৈতে খেলা কৰা এইসকল লোকৰ বিৰুদ্ধে সমাজক কঠোৰ হ’বলৈ অসমৰ লোকক আহ্বান জনাইছো৷ অসমৰ সমূহ ইছলামধৰ্মী গাঁও, চুবুৰী তথা সমাজক মই আহ্বান জনাই কও যে আপোনালোকে জাতিৰ সন্ধিক্ষণত জাতিৰ সৈতে থিয় দিয়ক৷ নিজৰ জীৱনৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ জীৱন সুৰক্ষিত কৰিবলৈ যিসকল লোকে তবলীগ পাৰ্টী আৰু বহিঃৰাজ্যৰ পৰা আহি আত্মগোপন কৰিছে সেইসকলক প্ৰথমে চিনাক্ত কৰক তাৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসনৰ হাতত গতাই দি পৰীক্ষা কৰাৰ লগতে কোৱাৰাইণ্টাইন কৰাৰ ব্যৱস্থা কৰক৷ অন্যথাই মহামীৰৰ প্ৰকোপৰ পৰা কোনেও বাচি থাকিব নোৱাৰিম৷ যিটো কথাই মানৱ জাতিক ক্ষতি কৰিব৷ প্ৰতিগৰাকী সচেতন লোকক মোৰ আহ্বান আপোনাৰ ওচৰৰ কোনগৰাকী লোক বহিঃৰাজ্যৰ পৰা আহিছে নেকি খবৰ লওক আৰু প্ৰশাসনৰ দ্বাৰা ব্যক্তিগৰাকী আৰু পৰিয়ালক কোৱাৰইণ্টাইন কৰাৰ ব্যৱস্থা কৰক৷ প্ৰথমে জিলা উপায়ুক্তক ততাতৈয়াকৈ অৱগত কৰক৷ অসাৱধনতাই হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ কাৰণ হ’ব পাৰে৷ ব্যাধিক লুকুৱাই ৰখা কাণ্ড সভ্যসমাজৰ বাবে লজ্জাৰ বিষয় হোৱাৰ লগতে ঘাতক হৈ পৰিব৷ সেয়েহে সকলোকে এই ক্ষেত্ৰত নজৰ দিবলৈ আহ্বান জনাইছো৷ সকলো প্ৰকাৰৰ লোকক লক-ডাউন মানি চলাৰ লগতে সমাজিক দূৰত্ব বৰ্তাই চলিবলৈ আহ্বান জনালো৷ প্ৰাক্তন আছু নেতা,সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ কাৰ্যকৰী সভাপতি
নুৰুল হকে এক বিবৃতি যোগে জনাইছে।