ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল :: মহামাৰী কৰ’না ভাইৰাছ ( কভিড ১৯ ) যুঁজত গ্ৰাহকৰ পৰা আৰম্ভ কৰি জনগণক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে ফোৰ্ড পৰিয়ালে। ফোৰ্ড ইণ্ডিয়াই লকডাউনৰ সময়ছোৱাত গ্ৰাহকৰ সুবিধাৰ্থে যি সকল নতুন গাড়ী কিনাৰ বাবে বুকিং কৰিছিল, ৱাৰেন্টি, প্ৰাইজ প্ৰৰ্টেক্সন আদি ৩০ এপ্ৰিল পৰ্যন্ত বৃদ্ধি কৰা হৈছে। তদুপৰি গ্ৰাহকৰ বাবে অন্যন্যা সা-সুবিধা সমূহ আগবঢ়াইছে ফোৰ্ড ইণ্ডিয়াই। ইয়াৰ বাবে অধিক জানিবলৈ গ্ৰাহক সকলে customail@ford.com ত ই মেইল কৰিব পাৰে অথবা @FordIndiaHelp on Twitter or via এছ এম এছ ৫৬২৬৩ ত এছ এম এছ কৰিব পাৰিব। এই সেৱা ২৪ ঘন্টাই গ্ৰাহকৰ বাবে খোলা থাকিব বুলি ফোৰ্ড ইণ্ডিয়াৰ মাৰ্কেটিং, ছেলছ আৰু চাৰ্ভিছৰ কার্যবাহী সঞ্চালক বিনয় ৰাইনাই এক বিবৃতি যোগে জনায়।
Latest article
আইটিচিৰ ছানৰাইজ স্পাইচেছৰ উদ্যোগত মুকলি হ’ল “শিপা বিচাৰি: এ বেক টু ৰুটছ ছিৰিজ”
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
কাইলৈ কলকাতাৰে মুখামুখি পঞ্জাৱ কিংছৰ
এটা ছিজনৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ অৰ্জন কৰোৱা শ্ৰেয়াছ আয়াৰে এতিয়া প্লে অফৰ অৰ্হতাৰ অৰ্জনত আটাইতকৈ ডাঙৰ বাধা হ'বলৈ গৈ আছে যেতিয়া তেওঁৰ...
আৰণ্যকৰ উদ্যোগত অসম-অৰুণাচলৰ বন কৰ্মীক গিবন সংৰক্ষণৰ প্ৰশিক্ষণ
ভাৰতৰ একমাত্ৰ এপ প্ৰজাতি হিচাপে জনাজাত বিপন্নপ্ৰায় গিবন (হুলক গিবন)ৰ সংৰক্ষণৰ বিভিন্ন দিশৰ বিষয়ে বনকৰ্মী সকলক সজাগ কৰাৰ উদ্দেশ্যে অব্যাহত ৰখা নিৰলস প্ৰচেষ্টাৰ অংশহিচাপে...