ষ্টাফৰিপোৰ্টাৰ, ১২ এপ্ৰিল : সাম্প্ৰতিক পৰিবেশ-পৰিস্থিতিৰ লগত সংগতি ৰাখি অসম শিল্পী সমন্বয় আৰু সুৰক্ষা মঞ্চৰ উদ্যোগত ব’হাগ বিহু উপলক্ষে পৰম্পৰাগত বিহুনাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগি সকলে ঘৰৰ পৰাই জাতীয় সাজ-পাৰ পৰিধান কৰি এটি বিহুনামৰ কলিত কণ্ঠ নিগৰাই গুৱাহাটীৰ ৰাজগড়, মা-ষ্টুডিঅ’ অপূৰ্ব সিংহা পথত যোগাযোগ কৰিব পাৰিব। প্ৰতিযোগিত সকলে অদিঅ’ বা ভিডিঅ’ আকাৰত ৱাটছএপ যোগে প্ৰেৰণ কৰিব পাৰিব।প্ৰতিযোগি সকলে প্ৰয়োজন সাপেক্ষে ঢোল, তাল, টকা, হাত-চাপৰি সংগত কৰিব পাৰিব। বিজয়ী সকলক পুৰস্কাৰ প্ৰদানৰ লগতে আগন্তুক দিনত তেওঁলোকৰ কণ্ঠত বিহুনাম বাণীবদ্ধ কৰা হ’ব। লগতে বিভিন্ন সহায়-সহযোগিতা লাভ কৰিব।
